Connect with us

অসমীয়া নিউজ

আমাজানে_কান্দিছে

Published

on

#আমাজানে_কান্দিছে

আইৰ গাত আঁচোৰ এটা লাগিলেই
বুকু কঁপা মনটো এই বিপদতো বৰকৈ কঁপিছে

আমাৰ আইক
#কভিড-১৯ য়েও সমীহেৰে চুলে , বহু পলমকে’
আনৰ বতাহ যে সামৰি ল’লে , সেইবাবে

পূৱৰ আমাজান দিহিং পাটকাই
জীৱৰ বিচিত্ৰতাৰে পূৰ্বাঞ্চল শুৱাই..
পখীৰ কলৰৱ নিচুকনী ৰাগ যেন আইৰ
অৰণ্যৰ সেউজীয়াত উশাহৰ প্ৰমোদ বিহাৰ
IMG-20200604-WA0016

ৰূপে গুনে বিভূষিতা সেই পাটকাই দিহিং
যুধিষ্ঠিৰৰ পণত যেন আজি বন্দী যাজ্ঞসেনী
মন্ত্ৰণাপৃস্ত বিবস্ত্ৰৰ অপেক্ষাত দুচকুত লুণীয়া পানী

বুজিলো, ক’লাহীৰা উন্নতিৰ কোনো এটা পাঠ ,

চোৱাচোন ভাৱনাৰ দূৱাৰত এবাৰ টুকুৰিয়াই
আইৰ কেৰুযোৰোচোন বৰ মূল্যৱান
দিবানেকি বিনিময়ত আইকো বলিদান (?)

নিৰৱে বৈ যোৱা পূৱ আমাজানৰ দুখৰ নদীয়ে
কঢ়িয়াইছে বনানীৰ বুকুৰ চিঞৰ… মাথোঁ চিঞৰ

ধ্বংস কৰি তৃণ তৰু হস্তী পক্ষী আদি জীৱকূল
নিৰ্মিত হ’বজানো সপোনৰ বিলাস ভৱন !

✍️ মৃদুস্মিতা কে শইকীয়া
(১৯-৫-২০)‌‌‌

Continue Reading

অসমীয়া নিউজ

বিশিষ্ট সংগীত শিল্পী কুল বৰুৱা আৰু নাই

Published

on

তৰালী দেৱী, ২৫ ফেব্ৰুৱাৰী, গুৱাহাটী ::বহু কালজয়ী গীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰা অসমৰ বিশিষ্ট সংগীত শিল্পী কুল বৰুৱাৰ দেহাৱসান।
শিল্পী গৰাকীৰ বিয়োগে অসমৰ সংগীত জগত খনৰ বাবে এক অপূৰণীয় ক্ষতি বহন কৰে ।

Continue Reading

অসমীয়া নিউজ

১৩ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত দিপামনি ডেকাৰ প্ৰথম স্থান

Published

on

যোৱা মঙলবাৰ ২৩|০২|২০২১ তাৰিখে পুৱা ৬ বজাত অনুষ্ঠিত হোৱা ডিব্ৰুগড় জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বি -বাৰ্ষিক, ডিব্ৰুগড় জিলাৰ সোনোৱাল কছাৰী নাৰী সন্থাৰ ষষ্ঠ দ্বি- বাৰ্ষিক আৰু ডিব্ৰুগড় জিলাৰ সোনোৱাল কছাৰী জাতীয় পৰিষদৰ চতুৰ্থ দ্বি -বাৰ্ষিকৰ যৌথ অধিবেশন উপলক্ষে চিৰিং খাট কছাৰী পথাৰত অনুষ্ঠিত হোৱা মহিলাৰ শাখাত ১৩ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ লৈ মাত্ৰ ৫৩ মিনিটতে দিপামনি ডেকাই প্ৰথম স্থান পাবলৈ সক্ষম হয় ।

Continue Reading

অসমীয়া নিউজ

শেষ বুলিলেই জানো শেষ হয়

Published

on

ঐ, ল’ৰা….
বাপৰে…
এই ৰাতিলৈ অনলাইন…..
কাৰ লগত চেনী খাই আছা পৰুৱা? ইম্মান ৰাতিলৈ অনলাইন, কিন্তু লাষ্ট চিনটো হ’লে অফ কৰি থয়……. হুহ।। ভাগ্য ভাল মই সাৰ পালো বুলিহে নহ’লে যে কিমান ৰাতিলৈ বেলগৰ লগত পৰুৱা নিচিনা চেনী খালা হয়। বহুত বেছি হৈছে কিন্তু তোমাৰ । পুৱাই বোলে ডিউটি আছে…. এনেকুৱা হ’লে কাজিয়া কৰিম কিন্তু….কৈ দিছো…..বহুত বেয়া হৈছা তুমি, মৰমটো কমিছেই… হুহ…
মোৰ অভিমানত ফুলি থকা মুখখন দেখি সি লগে লগেই ৰিপ্লাই কৰিছিল..
কাজিয়া মোৰ লগতে কৰিবা বুলি জানো দিয়া মোৰ ফেঁচীটো….ইম্মান খং হৈছে এইজনীৰ… খালি লাগো লাগো কৈ থাকে…, ৰঙা কাপোৰ নিপিন্ধিবা ঐ তুমি, খং বেছি কৰে ৰঙাই জানা…
হব যোৱা, নালাগে মোক তোমাৰ বিনামূলীয়া উপদেশ …মইটো মুম্বাইলৈ যোৱাৰ পিছত তোমাৰ ভালে হ’ব ন, চাই ল’বা নতুন এজনী কাশ্মীৰতে… গুড বাই… শুই থাকা…
সোণ, ৰ’বা না, চোৱা মই লাষ্ট চিন অন কৰি দিছো তুমি সদায় চাই থাকিবা, আৰু তুমি সদায় মোৰেই হয়… তোমাৰ বাহিৰে কোন আছে কোৱা, মা দেউতা সৰুতেই গুছি গ’ল, এতিয়াতো সম্পত্তি বুলিবলৈ মোৰ দেশ মাতৃ আৰু তুমিয়ে মোৰ সকলো। ইয়াত চোৱা কেনেকুৱা পৰিস্থিতি যুদ্ধ প্ৰায় হৈয়ে থাকে।। দেশমাতৃৰ কৰ্তব্য কাৰণে চকুৰ টোপনিও কেতিয়াবা হেৰাই যায় । আৰু সেইসময়ত এজন ভাৰতীয় সেনাক একমাত্ৰ সাহস দিয়া তুমিয়েটো এজনী সাহসী প্ৰেয়সী।। এনেকুৱা প্ৰেয়সী প্ৰতিজন সেনাৰে থকাটো দৰকাৰ তেতিয়া মোৰ নিচিনাই লাকী হ’ব, তোমাক কেনেকৈ পাহৰো কোৱা, খং নকৰিবা সোণ, তুমি মোৰেই হয়।
কাইলৈ যে মোৰ এটা ডাঙৰ কাম আছে মোৰ যদি কিবা এটা হৈ যায় তুমি নাকান্দিবা সোণ, বৰঞ্চ মোৰ চিতাত ফুলপাহ দি মোক চিৰশান্তি দিবা। নিজৰ জীৱনটো আগুৱাই নিবা আৰু আমি ভবাৰ দৰেই আমাৰ সপোনবোৰ সঁচা কৰিবা।।
অজান আকাংক্ষাত বুকুখন কঁপি উঠিছিলো মই । বিপদৰ কথা ভাবি তাৰ মাতবোৰো কঁপিছিল সেই সময়ত। । বাৰে বাৰে এইবোৰ কব বাধা কৰিছিলো। এনেকুৱা লাগিছিল তাক যেন মই বুকুৰ মাজত সাৱতি কঁপি উঠা বুকুখন শাঁত পেলাম।।
সকলো ভালকৈ কৰিবা মোৰ কানাই, মৃত মা দেউতা, ভগৱান আৰু মোৰ মৰম সদায় তোমাৰ কাষত আছে দেহা।। আবেগতে চকুপানী ওলাই গৈছিল মোৰ, মৰমৰ বাৰিষা নামিছিল দুচুকত, ভালপোৱাবোৰ ক্ৰমান্বয়ে বাঢ়ি আহিছিল, মৰম কৰিছিলো বহুত। বাৰে বাৰে মনলৈ আহিছিল মোৰ তাৰ ক’লা তিলটোৰে সৈতে ওঁঠৰ সেই বিশেষ ভাঁজটো। কৈশোৰৰ পৰাই চেংগুটি খেলি একেলগে কটোৱা ২২টা বসন্তৰ সুৱৰিছিলো, মনত পৰিছিল নাহৰৰ তলত নতুবা কপিলীৰ পাৰত কটোৱা আমাৰ হেজাৰটা মৰমৰ আবেলি, কেঁকোৰা ঘন ক’লা চুলিৰে বৰপুখুৰীৰ পাৰৰ আহঁতৰ ফেৰেঙনিত বহি সি ফু দি তোলা বাঁহীৰ সুৰত যেন মাতাল হৈ পৰিছিল মোৰ সন্ধিয়াৰ প্ৰেম। মোৰ কানায়ে যেতিয়া বাঁহীৰ সুৰৰ অন্তত মোৰ কপালত চুমা আঁকিছিল এনেকুৱা লাগিছিল যেন মোৰ সময় তাতেই স্তব্ধ হৈ ৰৈ যাওঁক। কিন্তু সময়বোৰ স্তব্ধ হোৱা নাছিল, ২মাহ আগতে মোক শেষ বাৰৰ বাবে সাবতি মোৰ কানাই গুছি গৈছিল দেশমাতৃৰ কাৰণে…
সেয়াই যেন শেষ সময় আছিল।লাষ্ট চিনটো আগৰাতিৰ নিচিনাই পৰি ৰৈছিল। পুৱাৰ বাতৰিত চপাকৈ ওলোৱা কাশ্মীৰত শত্ৰু পক্ষৰ হিংসাত্মক বোমা বিস্ফোৰণত ১১ জন শ্বহীদ আৰু ৪ জন সন্ধানহীন হৈ আছে ভাৰত মাতাৰ সন্তান।। মৃত সকলৰ ভিতৰত অসমৰো ৩ সন্তান নিহত বুলি সন্দেহ কৰা গৈছে।। আখৰকেইটাই মোৰ সমস্ত শেষ কৰি পেলাইছিল। চিঞৰি চিঞৰি কান্দিছিলো, আগদিনা ৰাতিৰ লাষ্ট চিনলৈ বাৰে বাৰে চাইছিলো। বিশ্বাস হোৱা নাছিল যে মোৰ সি মোক বিশ্বাসঘাতক কৰি আঁতৰি যাব।। খবৰ কাকতৰ কথাবোৰ মিছা হওঁক বুলি বাৰে বাৰে মহাদেৱক খাটিছিলো।
লাহে লাহে সময়বোৰ পাৰ হৈ গৈছিল, মোৰ কৰ্মস্থান মুম্বাইলৈ ঘূৰি যোৱা নহ’ল। ওচৰৰ স্কুলতে শিক্ষকতা বৃত্তি ল’লো। কানাইৰ স্মৃতিতেই মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলো, মৰমৰ উপহাৰ হিচাপে দিয়া তাৰ সাহসবোৰেৰে মই জীয়াই আছিলো যদিও এনেকুৱা লাগিছিল সি জীয়াই আছে আকৌ ঘুৰি আহিব সি মোৰ ওচৰলৈ.. প্ৰত্যেক দিনাই তাৰ লাষ্ট চিন চোৱাটো আৰু চুইটচ অফ বুলি পালেও এবাৰ ফোন কৰাটো মোৰ প্ৰথম কৰ্তব্য ভাবিছিলো।। আশা আছিল সেই লাষ্ট চিনটো এদিন সেউজীয়া হৈ অনলাইন দেখাব আৰু ফোনটোও যে বাজি উঠিব নমোঃ নমোঃ জয় শংকৰ, ভোলেনাথ শংকৰ নামৰ বিশেষ গীতটোৰে…. কেতিয়াও উভতি নাহিল সি, তেনেকৈয়ে পৰি ৰ’ল মোৰ সপোনবোৰ…
এটাই আশা, মই মোৰ কানাইৰ সপোনবোৰক আগুৱাই লৈ যাম। বহুত কষ্টৰে ৰ ফলত মই তাৰ আশাবোৰ পুৰণ কৰি গৈছো, তাৰ ভবিষ্যতেৰ সপোন অনাথ আশ্ৰম এখন খুলি সৰুতে মা দেউতা হেৰুৱাই দিশহাৰা হোৱা কণমানিবোৰক ৰঙীন পৃথিৱী দেখুৱা সপোনবোৰো সফল হৈ উঠিছে….

সুদীৰ্ঘ ৬বছৰৰ পিছত মা দেউতাৰ বুজনিত মই বিয়াত বহিবলৈ মান্তি হৈছো। কিন্তু কোনো আবেগ নাই, ন কইনাৰ সপোনবোৰ দেখিবলৈও মোৰ মন যোৱা নাই। ল’ৰাজন হেনো মোৰ কানাইৰ নিচিনাই নিচিনাই ভাৰতীয় সেনাবাহিনীত কৰ্মৰত।। গুৱাহাটীৰে ল’ৰা, নাজানো কোন সেয়া দুৰ্ভগীয়া যিয়ে মোৰ জ্বলি পুৰি শেষ হোৱা হৃদয়ত সপোন ফুলাব খুজিছে….।। মা দেউতাৰ মতেই সকলো হ’ল। সাতজনমলৈ মোৰ হ’ব লগা জনৰ মই মুখখনো এবাৰ চোৱাৰ প্ৰয়াস নকৰিলো। মোৰ জীৱনৰ সমস্ত কাহিনী জানিও তেখেতেও মোক লগ কৰিব খুজিছিল কিন্তু মই মান্তি নোহোৱাই তেওঁ তেনেকৈয়ে মোৰ সৈতে বিয়াৰ সন্মতি দিলে।।
আয়তীৰ মংগল উৰুলি, চাৰিওফালে উখলমাখল পৰিবেশ।।
ডাঙৰ জীয়াৰীৰ বিয়া, গাৱৰ বয়োজেষ্ঠজনে চুলি চিঙি আশীৰ্বাদ দিছে, আৰু সৰুবোৰে বায়েকৰ বিয়াত বিহু গীত গাইছে…. দেউতা মাৰ বুকুৰ পথাৰ উদং, উচুপিছিল তেওঁলোকে।
বগা পাটৰ সাজ, নানা ধৰণে প্ৰসাধনেৰে সজাই তুলিছে মোক লগৰীয়াই। আলহীৰে ঘৰখন ভৰি পৰিছে।। কিন্তু মোৰ বুকু তেনেই উকা, বাৰে বাৰে কানাইৰ ওঁঠৰ ভাঁজত বৈ পৰা হাঁহিয়ে আজি বৰ আমণি কৰিছে। হোমাগ্নি জ্বলিছে যদিও হোমৰ সুখৰ জুঁইতকৈ মোৰ কানাইক চিৰদিনলৈ হেৰুৱাৰ জুঁইকুৰাই বৰকৈ পুৰিছে… কান্দো বুলিও কান্দিব পৰা নাছিলো।
পুৱতি নিশা বিদায় ক্ষণ উপস্থিত হৈছিল, চিৰদিনলৈ মই মা দেউতা আৰু মোৰ কানাইক এৰি যাবলৈ সাজু হৈছিলো, মা দেউতাৰ আশীৰ্বাদ লৈ মই আলফুলে ৰখা কানাইৰ ফটোখন সাবতি মই শেষ বাৰৰ বাবে কান্দিলো, দুখবোৰ চকুপানী হৈ মোৰ বৈছিল মোৰ, এনে লাগিছিল মোৰ উষাহবোৰ চুটি হৈছিল আৰু পিছলৈ একো মনত নাছিল সম্ভৱতঃ মূৰ্চ্ছা গৈছিলো মই।।
কিমান পৰ মোৰ টোপনি গৈছিলো নাজানো যেতিয়া সাৰ পাইছিলো তেতিয়া মই নিজকে এটি অত্যাধুনিক কোঠাত আবিষ্কাৰ কৰিছিলো, কোঠাতো ফুলেৰে সজোৱা আছিল, তেতিয়া সন্ধিয়াবোৰ নামি পৰিছিল ধৰালৈ।। কৰবাৰ পৰা ভাঁহি আহিছিল এটি কৰুণ বাঁহীৰ সুৰ….আৰু এটা সময়ত নাইকিয়া হৈ গৈছিল লগে লগেই বুকুত তীব্ৰ বিষ এটাই উক দিছিল…আকৌ শুনিব মন গৈছিল….. নাজানো সেয়া মোৰ ভ্ৰম? নে সঁচাকৈ কানাইৰ বাঁহীৰ সুৰ আছিল….?
হঠাতে কোঠাত কাৰোবাৰ আগমণত মোৰ উজাই অহা কান্দোন থমকি ৰ’ল, অচিন চিনাকি গোন্ধ এটাই ঘেৰি ধৰিলে মোক…
:সাৰ পালা…? সন্মুখত কাৰোবাৰ সন্মোহিত কণ্ঠ। আগতে শুনা কণ্ঠস্বৰৰ দৰে লাগিল যদিও মই ভ্ৰম ভাবিয়ে নোচোৱাকৈ মুৰ দোৱালো..
পানী অলপ খাই লোৱা সোণ নে মই খুৱাই দিম আকৌ আকুল প্ৰশ্ন….
ধৰফৰাই উঠিলো মই, নাই মোৰ ভুল হ’ব নোৱাৰে….৬ বছৰ পুৰণি আবেগ এয়া….

কানাই…!

ওৰণি খন ঠেলি মই পাগলৰ দৰে মবাইলটো চাই দেখিলো , মোৰ পিন কৰি ৰখা প্ৰিয় নামটোত আজি অনলাইন বুলি সেউজীয়া হৈ জিলিকিছে…
মূহুৰ্ততে মোক কোনোবাই চাই থকা যেন পায় মুৰ তুলি চালো…. দুৱাৰৰ কাষৰ বেৰত এখন হাতেৰে ভেজা দি ৰৈ আছিল মোৰ চিনাকি চিনাকি লগা এখন মুখ, একেই সেয়া ধুনীয়া তিলটোৰে সৈতে ওঁঠৰ ভাঁজত আহি ৰৈছিল হাঁহিটো…মাত্ৰ কপালত এটি আঘাতৰ চিন…পিন্ধনত মই ভালপোৱা বগা ৰঙৰ পুৰণি চাৰ্টটো…..

কানাই…. !

মুখৰ ভিতৰতে শব্দটো অহাযোৱা কৰিছিল।
থৰ হৈ চাই ৰৈছিলো সেই তাহানিৰ পদুমবুলিয়া চকুযুৰি…আকৌ চাৰি চকুৰ মিলন হৈছিল….
কব নোৱাৰাকৈয়ে ভালপোৱাবোৰে দুচকুৰে পাৰ ভাঙিছে…..

মোৰ সোণ,
তুমিয়ে কৈছিলা ন মোক, শেষ বুলি ক’লেই জানো শেষ হয়, হয়তো কেতিয়াও নহয়। এয়া চোৱা, মোক আকৌ তোমাৰ মৰমে তোমাৰ বুকুলৈ আনিলে সোণ, চিৰদিনলৈ….সাতটা জনমলৈ…. তোমাৰ মৰমে মোক হেজাৰ মৃত্যুৰ দুৱাৰৰ পৰা টানি আনিলে, আৰু কেতিয়াও তোমাক মোৰ মৰমৰ পৰা আঁতৰাই নাৰাখো বুলি সাবতি ল’লে মোক সজোৰে । অকণমানি শিশুৰ দৰে মোৰ কপালত তাহানিৰ দৰেই মৰমৰ সানি কুচিমুচি বুকুত সোমাই বোৱাই দিলে বাৰিষাৰ ঢল…
আৰু মই?
এখন হাতেৰে কানাইৰ ঘন কেঁকোৰা চুলিত আঙুলি বুলাই জীয়া ঢল বোৱা দুচকুৰে চাই ৰ’লো কানাইৰ সেউজীয়া হৈ পৰা লাষ্ট চিনটো…….।।

🖎ভাগ্যশ্ৰী শৰ্মা
বাইহাটা চাৰিআলি
১৮-৬-২০২০

Continue Reading

Trending